Search
Close this search box.
Login

বিটিআৰৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে সংবাদ মাধ্যমৰ আগত পুনৰ সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, ধুবুৰীত এতিয়াও অব্যাহত আছে শ্বুট এণ্ড ছাইটৰ অৰ্ডাৰ। অহা দুৰ্গাপূজাৰ সময়তো ধুবুৰীত শ্বুট এণ্ড ছাইটৰ অৰ্ডাৰ থাকিব।

মিঞা মানুহখিনি বাংলাদেশী নহয়, কিন্তু ছৈয়দা হামিদে তেওঁলোকক বাংলাদেশী বনাই থৈ গ’ল। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ছৈয়দা হামিদৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, অজিত ভূঞাই মাতি আনিছিল ছৈয়দা হামিদক। অজিত ভূঞাই ক্ষমা খুজিল নে নাই? মিঞা মানুহে কয়, আমি বাংলাদেশী নহয়। কিন্তু মিঞা মানুহখিনিক বাংলাদেশী বনাই থৈ গ’ল হামিদে। হামিদক মিঞা মানুহেও বিৰোধীতা কৰিব লাগে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।

লগতে তেওঁ কয় যে,”অজিত ভূঞা, লুৰিণজ্যোতি গগৈ, হীৰেন গোহাঁইকে ধৰি তেওঁলোকৰ ঘোঁৰা গাড়ীত যিয়ে উঠিব দুৰ্ঘটনাত পতিত হ’বই। গৌৰৱ গগৈৰ দৰে নেতাৰ মিঞাৰ প্ৰতি প্ৰেম অধিক।” একেসময়তে ধুবুৰী প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ কয় যে, ধুবুৰীত খেলিমেলি কৰিলেই পৰিব বিপদত !

মঙলবাৰে বিটিআৰৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে সংবাদ মাধ্যমৰ আগত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ধুবুৰীত এতিয়াও অব্যাহত আছে শ্বুট এণ্ড ছাইটৰ অৰ্ডাৰ। অহা দুৰ্গাপূজাৰ সময়তো ধুবুৰীত শ্বুট এণ্ড ছাইটৰ অৰ্ডাৰ থাকিব।

তেওঁ কয়, “ধুবুৰী , বিলাসীপাৰাৰ জনগাঁথনি সলনি হৈছে। ১৯৭১ চনৰ আগত অহাখিনিক অসমীয়া ই আদৰি লৈছে। বনাঞ্চলৰ ভূমিত উচ্ছেদ কৰা হৈছে। কোনো চৰত উচ্ছেদ হোৱা নাই। এজন এজন মানুহে ২০০/৩০০ বিঘা মাটি দখল কৰি ৰাখিছে। ধুবুৰীত কোনো ধৰণৰ উৎপাত নাই। অহা দুৰ্গাপূজাৰ সময়তো ধুবুৰীত শ্বুট এণ্ড ছাইটৰ অৰ্ডাৰ থাকিব।”

উল্লেখ্য যে, আজি মঙলবাৰে পৰ্বতঝোৰাত বিটিআৰ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰচাৰ অভিযানৰ সময়তে তেওঁ কয় যে, বিটিআৰৰ ২৪ খনৰো অধিক আসনত প্ৰাৰ্থীত্ব দিব বিজেপিয়ে। ৰাইজৰ সহাঁৰি বৃদ্ধি পাইছে। একে সময়তে VCDC প্ৰসংগত কয় যে, নিৰ্বাচনৰ জৰিয়তে VCDC গঠন হ’ব লাগে।

প্ৰচাৰ সভাৰ ভাষণত তেওঁ কয়, BTRৰ ৰাইজে এইবাৰ বিজেপিক ভোট দিব। বনেন্দ্ৰ কুমাৰ মুছাহাৰী হ’ব ১ নং পৰ্বতঝোৰাৰ সমষ্টিৰ প্ৰাৰ্থী। ধুবুৰী, বিলাসীপাৰা, নলবাৰী, বৰপেটাত অৰুণোদয় আঁচনি পায়, মহিলা উদ্যমিতা আঁচনি পায়। সকলো সা-সুবিধা পায়। কিন্তু বিটিআৰত VCDC ৰ বাবে একো নাপায়। ঘৰ দিয়াৰ নামতো টকা লয় বুলি কয় মুখ্যমন্ত্ৰীয়ে।

“VCDC যেতিয়ালৈকে চলি থাকিব, তেতিয়ালৈকে বিটিচিৰ ৰাইজে একো নাপায় খাটাং। এইবাৰ বিজেপিৰ চৰকাৰ বনাই দিয়ক, আমি VCDC দালালৰাজ নাইকীয়া কৰি দিম। দিল্লীত বিজেপি, দিছপুৰত বিজেপি, কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ হ’লে সকলো উন্নয়ন হ’ব।” এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Home
News
Contact